Membership

সদৌ অসম কবি সন্মিলনৰ কাব্যমন্ত্ৰটো হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত নিম্নোক্ত কবিতাফাঁকি†

“সুন্দৰেযে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে
সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। ”

†১৯৪৮ চনত শিৱসাগৰত অনুষ্ঠিত সদৌ অসম শিল্পী সংঘৰ প্ৰথম অধিবেশনত জ্যোতিপ্ৰসাদ আগৰৱালাই সভাপতিৰ অভিভাষণ প্ৰদান কৰোঁতে তেওঁৰ ৰচিত “সৌ আকাশত নিহাৰীকা উৰে / কত জীৱন কত ৰূপৰ কত গুণৰ…. “(‘শিল্পীৰ পৃথিৱীত’ প্ৰবন্ধত সন্নিবিষ্ট গীত) এই কবিতাটিৰ মধ্য অংশ সদৌ অসম কবি সন্মিলনৰ কাব্যমন্ত্ৰ হিচাপে নিৰ্বাচিত কৰি গ্ৰহণ কৰা হৈছে।