Constitution

Read Complete Constitution Here

লক্ষ্য আৰু উদ্দেশ্য

কবিতাৰ কাব্যময় যাত্ৰাক গতিশীলতা প্ৰদান কৰিবৰ বাবেই সদৌ অসম কবি সন্মিলনৰ জন্ম। ইয়াৰ আগতে এমুঠিমান কবিয়ে কাব্যচৰ্চা কৰিছিল। সকলো কবিয়ে আত্মপ্ৰকাশ কৰিবলৈ সুবিধা পোৱা নাছিল। পাদপ্ৰদীপৰ আন্ধকাৰত লুকাই থকা কবিসকলক পোহৰ‍ৰ সভালৈ আগবঢ়াই আনি এখন মুকলি মঞ্চ দিয়াটোৱেই সদৌ অসম কবি সন্মিলনৰ মুখ্য উদ্দেশ্য আৰু লক্ষ্য। কবিতাৰ হেঁপাহত বুৰি থাকিও প্ৰকাশ কৰিব নোৱাৰি হৃদয়তে মাৰ যোৱা কবিতাবোৰ উদ্ধাৰ কৰা আৰু উত্তৰপুৰুষক কাব্য জগতলৈ আগুৱাই নিয়াৰ উদ্দেশ্যেই এই সংগঠনৰ সৃষ্টি হৈছে।

সদৌ অসম কবি সন্মিলনৰ পত্ৰিকা

সদৌ অসম কবি সন্মিলনক শক্তিশালী কৰিবলৈ এখন কমিতি গঠন কৰা হৈছিল। সেই কমিতিখনেই ৰাম গ‍গৈক সভাপতি, আন‍ন্দ দত্তক সম্পাদক আৰু প্ৰেম গ‍গৈক আলোচনী সম্পাদকৰূপে নিৰ্বাচিত কৰিছিল। অসমীয়া কবিতাৰ প্ৰচাৰ আৰু জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্যে সদৌ অসম কবি সন্মিলনৰ তৰফৰ পৰা ‘সমলয়’ নামৰ এখন মুখপত্ৰ আৰু ‘নতুন কবিতা’ নামৰ এখন তিনিমহীয়া কাব্য পত্ৰিকা প্ৰকাশ কৰে। তেতিয়াৰ পৰা আজিকোপতি নিৰবচ্ছিন্নভাৱে দুয়োখন সুকলমে অব্যাহত আছে। এই মুখপত্ৰ আৰু কাব্য পত্ৰিকাখনৰদ্বাৰাই অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলৰ কাব্য প্ৰতিভা প্ৰসাৰিত হৈছে।
২০২৩ চনৰ পৰা সদৌ অসম কবি সন্মিলনৰ ডিজিটেল কাব্যালোচনী ‘মেঘদূত’ প্ৰকাশ হৈছে।
ইয়াৰোপৰি সমগ্ৰ অসমতে সিঁচৰতি হৈ থকা সদৌ অসম কবি সন্মিলনৰ সক্ৰিয় শাখাসমূহৰপৰাও মুখপত্ৰ প্ৰকাশ হয়। এনে মুখপত্ৰবিলাকেও নবীন-প্ৰবীন কবিসকলৰ কবিতা প্ৰকাশ কৰি অসমত কাব্যিক আন্দোলনৰ ধাৰা অব্যাহত ৰাখিছে।